কাকপথাৰঃ শিক্ষা মন্ত্ৰীয়ে শিক্ষাৰ মান উন্নত কৰা বুলি সময়ে সময়ে কব খোজে যদিও ৰাজ্যত আজিও চলি আছে এজনীয়া শিক্ষকেৰে স্কুল৷ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী শিক্ষা খণ্ডত শিক্ষাৰ মান উন্নত কৰাৰ অৰ্থে হাজাৰ হাজাৰ টেট শিক্ষকক নিযুক্তি প্ৰদান কৰি ইতিহাস সৃষ্টি কৰা বুলি খোদ মত ব্যক্ত কৰি আহিছে৷ কিন্তু ৰাজ্যৰ বহু শিক্ষানুষ্ঠানত শিক্ষকৰ অভাৱ দূৰ হোৱা নাই৷
শিক্ষামন্ত্ৰীৰ হাজাৰ হাজাৰ টেট শিক্ষকৰ নিযুক্তিৰ পাছতো এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো শিক্ষানুষ্ঠান চলি আছে এজন শিক্ষকৰ পাঠদান৷ তিনিচুকীয়া জিলাৰ কাকপথাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত কাকপথাৰৰ সৰুমেচাইৰ ২নং ললিত মৰাণ প্ৰাথমিক বিদ্যালয়ত মাত্ৰ এগৰাকী শিক্ষকে পাঠদান কৰিব লগা হৈছে৷