বঢ়মপুৰঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষাজগতলৈ যিমানেই বৈপ্লৱিক পৰিৱৰ্তন আনিব বিচাৰিছে, সিমানেই প্ৰতিফলিত হ’ব ধৰিছে গ্ৰাম্য এলেকাৰ বিদ্যালয়সমূহৰ ফোঁপোলা স্বৰূপ৷ শিক্ষা বিভাগক সংস্কাৰৰ অৰ্থে পালন কৰা গুণোৎসৱৰ জৰিয়তে চৰকাৰী বিদ্যালয়সমূহৰ মানদণ্ড নিৰূপন কৰিছে যদিও গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ প্ৰকৃত ছবিখন দিছপুৰত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত থকা চৰকাৰৰ লোকে নাজানে৷
নতুবা বহুল সমস্যাৰে যুঁজ দি থকা ৰাজ্যৰ গ্ৰাম্য এলেকাৰ শিক্ষানুষ্ঠানৰ অভাৱ-অনাটনৰ কথা অনুভৱ কৰিব খোজা নাই৷ প্ৰকৃততে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক শিক্ষাদানেৰে উপকৃত কৰাৰ হয়তো চৰকাৰৰ ইচ্ছা নাই৷