বৰপেটাঃ এতিয়া যেন ৰাজ্যত পৰীক্ষাৰ বতৰ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়ণক লৈ বৃদ্ধি পাইছে পৰীক্ষাকেন্দ্ৰীক অপৰিসীম ব্যস্ততা৷ প্ৰকৃততে বিদ্যালয় অথবা মহাবিদ্যালয়ৰ স্তৰৰ সমূহ পৰীক্ষা সুকলমে পাৰ কৰিব পাৰিলেহে অৰ্থাৎ এই পৰীক্ষাবোৰত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় ছাত্ৰ-ছাত্ৰীয়ে৷ তাৰ ফলত এটা নিৰ্দিষ্ট লক্ষ্যৰে উচ্চ শিক্ষা গ্ৰহনৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷

সেয়ে পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বহুদিনৰ আগৰে পৰা এটি খুব ভাল ফলাফল লাভৰ আশাৰে যুদ্ধংদেহী মনোভাবেৰে মনপুতি পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে৷ অহা ১৬-২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। অন্ত পৰিব পৰীক্ষাৰ্থীৰ মনত সৃষ্টি হোৱা ব্যাপক উৎকণ্ঠা আৰু হাইস্কুলীয়া জীৱনৰ সুমধুৰ সময়ৰ। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বৰপেটা জিলাতো পৰীক্ষা কেন্দ্ৰ সমূহত ব্যাপক ব্যস্ততা৷

প্ৰতিটো কেৰ লগতে ঐতিহাসিক ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰই পৰীক্ষাৰ্থীক আদৰিবলৈ সাজু হৈছে। বিদ্যালয় কৰ্তৃপক্ষ, পৰীক্ষা পৰিচালনা সমিতি আৰু দল-সংগঠনেও পৰীক্ষাৰ্থীক আদৰিবলৈ প্ৰস্তুত হোৱা দেখা গৈছে। পৰীক্ষাৰ্থীক এটি সুস্থ পৰিবেশ দিয়াৰ বাবে অন্যান্য সা-সুবিধাৰ লগতে বিদ্যালয়ৰ চৌদিশ পৰিস্কাৰ পৰিচন্ন কৰি তুলিছে।

কেন্দ্ৰটোৰ চৌদিশে ৮টাকৈ চিচি টিভি কেমেৰা স্থাপনৰ প্ৰস্তুতিও পূৰ্ণ হৈছে । অপেক্ষা মাত্ৰ ১৬ ফেব্ৰুৱাৰীলৈ। ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত ৭ খন বিদ্যালয়ৰ পৰা ৩৭২গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হব। ঠিক সেইদৰে এইবাৰৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত পৰীক্ষা কেন্দ্ৰটোত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ক'লা, বিজ্ঞান আৰু বৃত্তিমুখী শাখাৰ পৰা ৩৬০গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হব।

পৰীক্ষা কেন্দ্ৰৰ চৌদিশে কোনো ধৰণৰ লোকৰ অযথা সমাগম নঘটিবলৈ আহ্বান জনোৱাৰ লগতে এটি সুস্থ বাতাবৰণ অব্যাহত থকাত সকলো শ্ৰেণীৰ লোকৰ সহায় সহযোগিতা কামনা কৰিছে বিদ্যালয় খনৰ অধ্যক্ষ ৰনেন্দ্ৰ কুমাৰ দাসে। ইতিমধ্যে বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনচাৰী আলী আহমেদক সভাপতি আন কেইগৰাকীক সদস্য হিচাপে লৈ হাইস্কুল শিক্ষান্ত পৰীক্ষা পৰিচালনা সমিতি আৰু উপেন্দ্ৰ নাথ দাসক সভাপতি হিচাপে লৈ বহুকেইগৰাকী সদস্যৰে উচ্চতৰ মাধ্যমিক পৰীক্ষা পৰিচালনা সমিতি গঠন কৰা হৈছে।

পৰীক্ষা সুকলমে সমাপন হোৱাত স্থানীয় ৰাইজৰ সহযোগীতা কামনা কৰিছে পৰীক্ষা পৰিচালনা সমিতিয়ে। ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগা দুয়োটা পৰীক্ষাৰ পৰীক্ষাৰ্থীলৈ আগতিয়াকৈ শুভেচ্ছা যাচিছে ভেল্লা আঞ্চলিক ছাত্ৰ সন্থা আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ভেল্লা আঞ্চলিক সমিতিৰ লগতে পৰিষদৰ বৰপেটা জিলা সমিতিৰ হৈ সাধাৰণ সম্পাদক ৰাণা ওঁজাই।