বৰপেটাঃ এতিয়া যেন ৰাজ্যত পৰীক্ষাৰ বতৰ৷ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অধ্যয়ণক লৈ বৃদ্ধি পাইছে পৰীক্ষাকেন্দ্ৰীক অপৰিসীম ব্যস্ততা৷ প্ৰকৃততে বিদ্যালয় অথবা মহাবিদ্যালয়ৰ স্তৰৰ সমূহ পৰীক্ষা সুকলমে পাৰ কৰিব পাৰিলেহে অৰ্থাৎ এই পৰীক্ষাবোৰত এটা ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় ছাত্ৰ-ছাত্ৰীয়ে৷ তাৰ ফলত এটা নিৰ্দিষ্ট লক্ষ্যৰে উচ্চ শিক্ষা গ্ৰহনৰ বাবে অগ্ৰসৰ হ’ব পাৰে৷
সেয়ে পৰীক্ষাত অৱৰ্তীণ হ’বলগীয়া পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ বহুদিনৰ আগৰে পৰা এটি খুব ভাল ফলাফল লাভৰ আশাৰে যুদ্ধংদেহী মনোভাবেৰে মনপুতি পঢ়া-শুনা কৰি পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰি তোলে৷ অহা ১৬-২৩ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। অন্ত পৰিব পৰীক্ষাৰ্থীৰ মনত সৃষ্টি হোৱা ব্যাপক উৎকণ্ঠা আৰু হাইস্কুলীয়া জীৱনৰ সুমধুৰ সময়ৰ। ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বৰপেটা জিলাতো পৰীক্ষা কেন্দ্ৰ সমূহত ব্যাপক ব্যস্ততা৷