অভয়াপুৰীঃ শাৰীৰিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পলাবলৈ বাধ্য হ’ল চাৰি কণমানি শিশু৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৰ্বশিক্ষা মিছনৰ অধীনস্থ নতুন আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ শিক্ষক মাজডিদুল ইছলাম আৰু ৰান্ধনি শিৱেণ ৰায়ে কৰা শাৰিৰীক নিৰ্যাতনত ভিতীগ্ৰস্থ হৈ পলায়ন কৰে কেন্দ্ৰটোৰ চাৰিজন কণমানি ছাত্ৰই৷ প্ৰকাশ মণ্ডল, কৰন ৰায়, বিপ্লৱ সুত্ৰধৰ আৰু প্ৰসেনজিৎ মণ্ডল নামৰ শিশু ছাত্ৰ কেইজনে আজি ৰাতিপুৱাৰ ভাগত পলায়ন কৰে।
ইপিনে প্ৰাতঃভ্ৰমনলৈ ওলোৱা ব্যক্তি কেইগৰাকী মানে দেওহাটীত শিশু ছাত্ৰ কেইগৰাকী প্ৰত্যক্ষ কৰি সন্দেহ ওপজাত সোধ-পোচ কৰে৷ শিশু কেইটাই আৱাসিক কেন্দ্ৰৰ শিক্ষক আৰু ৰান্ধনিয়ে মাৰধৰ কৰা বাবে পলাই অহা বুলি কোৱাত স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অভয়াপুৰী আৰক্ষীক অৱগত কৰে৷