78
মহুৰামুখঃ গোলাঘাট জিলাৰ বোকাখাত সমষ্টিৰ ৰাইজে আজিও বিভিন্ন সমস্যাৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে৷ কৃষি মন্ত্ৰী তথা অগপৰ সভাপতি অতুল বৰাৰ দখলত থকা বোকাখাত সমষ্টিত এতিয়া চৰম অচলাৱস্থা বুলি কলেও ভুলকৈ কোৱা নহ’ব৷ সমষ্টিটোৰ কেইবা খন ঠাইৰ লোকে বাঁহৰ দলঙেৰে আহ-যাহ কৰিব লগা হয়৷ বিশেষকৈ মহুৰামুখ অঞ্চলত ৰাইজে গাঁঠিৰ ধন ভাঙি বাহৰ দলং সাজি আহ-যাহ কৰিব লগা হয়৷
