বিহালীঃ যোৱা ১৫ পোন্ধৰ বছৰত শিক্ষা বিভাগৰ আমূল পৰিবৰ্তন হোৱা বুলি একাংশ লোক তথা মাধ্যমে সময়ে সময়ে প্ৰতিপন্ন কৰাৰ চেষ্টা কৰে যদিও প্ৰকৃততে শিক্ষা বিভাগৰ আমূল পৰিবৰ্তন হোৱা দেখা নাযায়৷ আজিও ৰাজ্যৰ বহু ছাত্ৰ-ছাত্ৰীয়ে ডেস্ক-বেঞ্চৰ অভাৱত শ্ৰেণীকোঠাত বহিবলৈ ঠাই নাপায়৷ বাৰিষা এজাক বৰষুণতে বিদ্যালয়ৰ চৌহত জলমগ্ন হৈ পৰাত বিদ্যালয়ৰ চৌহদত মানুহ সোমাব নোৱাৰা পৰিবেশৰ সৃষ্টি হয়৷ তাৰ মাজতে কণ কণ ছাত্ৰ-ছাত্ৰীয়ে চৰকাৰক হুংকাৰ প্ৰদান কৰিছে শ্ৰেণীকোঠা এৰি প্ৰতিবাদ কৰাৰ৷ শিক্ষক বিছাৰি আন্দোলনত নমাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীসকলে৷
বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ অন্তৰ্গত তিনিসুতি উচ্চ ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষক নথকাত প্ৰতিবাদ কৰিব গ্ৰাম্য অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে৷ ৯১৬ জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে ১১জন শিক্ষকে পাঠদান কৰিব লগা হয়৷ ৰাইজে ছাত্ৰ-ছাত্ৰীৰ স্কুটি দিয়াৰ চমক সৃষ্টিৰ ঘোষণা কৰাতকৈ শিক্ষক নিয়ুক্তি দিয়াৰ দাবী জনায় আহিছে যদিও গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ পৰিতাপৰ বিষয় এই যে, বিদ্যালয়খনত গণিত, বিজ্ঞান আৰু হিন্দী বিষয়তে নাই শিক্ষক।