চাবুৱাঃ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগক সংস্কাৰ কৰাৰ লক্ষ্যৰে ন’ ন’ আঁচনি ৰূপায়ণ কৰে যদিও একাংশ বিষয়া, কৰ্মচাৰীৰ বাবে শিক্ষা বিভাগৰ সংস্কাৰ নোহোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ শিক্ষা বিভাগৰ উন্নয়ণৰ কথা কৈ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিছে যদিও ডিব্ৰুগড় জিলাৰ চাবুৱাত ৮ ফেব্ৰুৱাৰীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযান চলাই পোহৰলৈ আনিছিল শিক্ষকৰ অনিয়ম। চাবুৱাত চৰকাৰী বিদ্যালয়ৰ শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ আনিছিল সংগঠনটোৱে।

গুণোৎসৱৰ জৰিয়তে বিদ্যালয়সমূহৰ গুণগত মানদণ্ড নিৰূপন কৰি শিক্ষা ব্যৱস্থাত নতুনত্বৰ সূচনা কৰিবলৈ চেষ্টা কৰিছিল শিক্ষা বিভাগে। ইয়াৰ পৰিবৰ্তে শিক্ষা বিভাগৰ একাংশ শিক্ষক-কৰ্মচাৰীয়ে কণ কণ ছাত্ৰ-ছাত্ৰীৰ পৰা টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এফালে শিক্ষামন্ত্ৰীৰ সংস্কাৰ সাধন কৰাৰ চমক আনফালে আনফালে একাংশ বিদ্যালয়ৰ শিক্ষকৰ অনিয়ম৷ বিদ্যালয়তো নিজৰ ক্ষমতাৰ বলত দালালগিৰি চলাবলৈ লোৱা এচাম দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰী-শিক্ষকৰ বাবে শিক্ষা বিভাগটোত লাহে লাহে ঘূণে ধৰিবলৈ আৰম্ভ কৰা দেখা গৈছে৷

শিক্ষা বিভাগৰ একাংশ শিক্ষক আৰু বিষয়া-কৰ্মচাৰীয়ে অনৈতিকতাৰ আশ্ৰয় লৈ শিক্ষা বিভাগটোক ধ্বংসৰ পথলৈ লৈ যাব ধৰিছে বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি নামৰ ছাত্ৰ সংগঠনটোৱে৷ শিক্ষামন্ত্ৰীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা ছাত্ৰ-ছাত্ৰীৰ মাচুলৰ ক্ষেত্ৰত ৰেহাই প্ৰদান কৰিছে যদিও একাংশ দুৰ্নীতিগ্ৰস্থ শিক্ষকে সেই নীতি নিৰ্দেশনাক অমান্য কৰি ছাত্ৰ-ছাত্ৰীৰ পৰা মাচুল সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ছাত্ৰ সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিয়ে পানীতোলা শিক্ষাখণ্ডৰ অন্তৰ্গত চৰকাৰী বিদ্যালয়সমূহ ভ্ৰমণ কৰি আহিছে।

সংগঠনটোৱে ভ্ৰমণ কালত ডিকম পাৰ্ৱতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক লক্ষীনন্দন শৰ্মাই চলিত বৰ্ষৰ নামভৰ্তিৰ নামত ছাত্ৰ-ছাত্ৰীৰ পৰা টকা লোৱাৰ অভিোগ লাভ কৰে৷ শিক্ষকজনে বিদ্যালয়খনৰ মুঠ ৪৪৯গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা মুঠ ১,১৪,১২০ টকাৰো অধিক ধন সংগ্ৰহ কৰিছে। ইয়াৰে ষষ্ঠ শ্ৰেণীত নতুনকৈ নামভৰ্তি কৰা ১৮৭ জন ছাত্ৰ-ছাত্ৰীৰ পৰা ২৬০ টকাকৈ ৪২,৬২০ টকা আৰু বাকী সপ্তম আৰু অষ্টম শ্ৰেণীৰ ২৬২ গৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা ২৫০ টকাকৈ মুঠ ৬৫,৫০০ টকা সংগ্ৰহ কৰে। আনহাতে সংবাদমাধ্যমত নিজৰ মতামত প্ৰকাশ প্ৰধান শিক্ষকজনে কয় সংগঠনটোৰ সকলো অভিযোগ মিছা।

প্ৰধান শিক্ষকজনে সংবাদমাধ্যমত নিজৰ মতামত দিয়াৰ পিছতে পুনৰ জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটোৱে। সংগঠনটোৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি জগজিত গোহাঁই, জিতুপন শইকীয়া আৰু সম্পাদক দিপাংকৰ গগৈ আৰু যুগল দওই এক বিবৃতি যোগে বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ সম্পূৰ্ণ তথ্য-প্ৰমাণ ছাত্ৰ সংগঠনটোৰ লগত আছে বুলি কয়। ডিব্ৰুগড় জিলা শিক্ষা বিষয়াক ৭ দিনৰ ভিতৰত শিক্ষকজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

অন্যথা পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰীক আন্দোলনৰ সন্মুখিন হ’বলৈ সাজু থাকক বুলি হুংকাৰ দিয়ে৷ যি সময়ত শিক্ষা মন্ত্ৰীয়ে চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰাৰ কথা কৈ দম্ভালি মাৰিছে সেই সময়তেই প্ৰধান শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ নামত ধন সংগ্ৰহ কৰা কাৰ্যই শিক্ষা বিভাগৰ লগতে শিক্ষা মন্ত্ৰীৰ দায়িজ্ঞানহীনতাৰ কথাই ওলাই পৰিছে বুলি কয়৷