তিনিচুকীয়াঃ তিনিচুকীয়াত আছুৱে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ পৌৰসভাত সংঘটিত কেলেংকাৰীৰ তদন্তৰ দাবীত আছুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়া পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত৷ দীৰ্ঘদিন ধৰি তিনিচুকীয়া পৌৰসভাত চলি অহা অনিয়ম, দুৰ্নীতি আৰু কেলেংকাৰিৰ প্ৰতিবাদত সৰৱ হৈ পৰিছে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা।
তিনচুকীয়া পৌৰ সভা ভংগ কৰাৰ দাবীত কেইবাশতাধিক লোকে পৌৰ সভাৰ কাৰ্যালয় ঘেৰাও কৰে৷ সদ্যনিৰ্মিত তিনিচুকীয়া পৌৰসভাৰ কাৰ্যালয় আৰু বাণিজ্যিক ভৱন নিৰ্মাণত ৭.৩৩ কোটি টকা ব্যয় কৰ্ পৰিষজ খনে। এই ব্যয়ৰ পৰিমাণক লৈ সন্দেহ প্ৰকাশ কৰি ৰাইজে। বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ কাম অবিজ্ঞানসন্মত আৰু অপৰিকল্পিত ভাবে কৰা হৈছে বুলিও অভিযোগ উত্থাপিত হয়।