গোগামুখঃ ঘৰৰ পৰা বিদ্যালয়লৈ বুলি ওলাই অহা ছাত্ৰ বিদ্যালয় নগৈ যায় ক’ত? পিতৃ-মাতৃয়ে বুকুৰ তেজ পানী কৰি ডাঙৰ মানুহ কৰাৰ সপোন দেখা নিজৰ সন্তানটো এতিয়া হৈ পৰিছে লেকাম চিঙা ঘোঁৰা৷ বিদ্যালয়ৰ ক্লাছ ক্ষতি কৰি হাবিৰ মাজত বহি এতিয়া মহাদেৱক স্মৰণ কৰে একাংশ অধপাতে যোৱা শিক্ষাৰ্থীয়ে৷
যাৰ ফলত সিহতৰ ভৱিষ্যতক লৈ আশংকাত ভূগিছে অভিৱাকৰ লগতে বিদ্যলয় কৰ্তৃপক্ষ৷ আজি ধেমাজি জিলাৰ বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইজনমান ছাত্ৰক সাংবাদিকে উদ্ধাৰ কৰে জংঘলৰ মাজত৷