Home ৰাজ্যপ্ৰেম নে কিতাপৰ বোজা? নৱম শ্ৰেণীৰ ছাত্ৰৰ আত্মহত্যা

প্ৰেম নে কিতাপৰ বোজা? নৱম শ্ৰেণীৰ ছাত্ৰৰ আত্মহত্যা

by News Desk
82 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাগাঁও উপ আৰক্ষী চকীৰ অন্তৰ্গত ভূটীয়াপাৰাত আজি সন্ধিয়া নৱম শ্ৰেণীৰ এজন ছাত্ৰই আত্মহত্যা কৰা ঘটনাই  চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰেম কিম্বা পঢ়াৰ বোজাৰ বাবেই আত্মহত্যা কৰা নৱম শ্ৰেণীৰ ছাত্ৰগৰাকীক ভূটীয়াপাৰা গাঁৱৰ জগত নাথ আৰু প্ৰণতি নাথৰ একমাত্ৰ সন্তান ৰাহুল নাথ(১৪) বুলি জানিব পৰা গৈছে। 

উল্লেখ্য যে আজি বিয়লি পৰ্যন্ত ফুটবল খেলি থাকোতে পিতৃয়ে ৰাহুলক কিতাপ পঢ়াৰ কথা সোঁৱৰাই দিয়াত ৰাহুল খেলপথাৰৰ কাষতে থকা ককাদেউতাৰ ঘৰলৈ আহি ৰুমত সোমাই পৰে। ৰাহুলৰ পিতৃয়েও পিছে পিছে আহি ৰাহুলক পুনৰ পঢ়িবলৈ কোৱাত ৰাহুলে এটা কোঠাত সোমাই দুৱাৰ-খিৰিকি বন্ধ কৰি জোৰকৈ শব্দ কৰি পঢ়িবলৈ ধৰে। কিতাপ পঢ়িবলৈ ধৰাত ৰাহুলৰ পিতৃয়ে শহুৰেকৰ ঘৰৰ পৰা গুচি যায়। বহু সময় ধৰি দুৱাৰ-খিৰিকী বন্ধ হৈ থকাত ৰাহুলৰ কণমানি সম্পৰ্কীয় ভনীয়েকে খিৰিকীৰ কাঁচৰ মাজেৰে দাদাক অৰ্থাৎ ৰাহুলক চিলিং ফেনত ওলমি থকা দেখা পাই কণমানিগৰাকীয়ে  মাকক দাদাই ফেনত “মজাক (ধেমালি)” কৰি থকা বুলি অৱগত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0