পূৱ বৰপেটা/বাঘবৰঃ বৰপেটা জিলাৰ পূৱ প্ৰান্তৰ হাহচ’ৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰী মধ্যাহ্ন ভোজন কৰাৰ পিছতে বিষক্ৰিয়াত আক্ৰান্ত হৈ বৰপেটা মেডিকেল কলেজত চিকিৎসাধীন হ’বলগীয়া হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।
প্ৰাপ্ত তথ্য মতে উক্ত বিদ্যালয়ত যোৱা ৫ এপ্ৰিলত দিনৰ প্ৰায় দুই বজাত ছাত্ৰ-ছাত্ৰী সকলে মধ্যাহ্ন ভোজন কৰি বিদ্যালয় ছুটীৰ পিছত ঘৰলৈ যায়। কিন্তু দুৰ্ভাগ্য ক্ৰমে নিশা প্ৰায় ১১ বজাৰ পৰা ঘৰত প্ৰায় ভাগ ছাত্ৰ-ছাত্ৰী অসহ্য বিষত ভোগে। অভিভাৱকসকলে পৰস্পৰে খবৰ কৰি শংকিত হৈ পৰে।