newsnextone.com|নলবাৰীঃ নলবাৰী জিলাৰ প্ৰথমখন ইংৰাজী মাধ্যমৰ বিদ্যালয় লিটিল ফ্লাৱাৰচ্ স্কুলত ১৯৯১ৰ পৰা ২০০০ বৰ্ষৰ দশম শ্ৰেণীৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সোমবাৰে বিদ্যালয় প্ৰাংগণত এক সমাৰোহ সম্পন্ন হৈ যায়৷ পুৱা ৮ বজাত আৰম্ভ হোৱা অনুষ্ঠানটোত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে বৰলুইত সমাজিক কল্যাণ নামৰ সংস্থাৰ উদ্যোগত স্বচ্ছ ভাৰত আৰু বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে৷
পিছত ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে বেনাৰ লৈ নলবাৰী চকু চিকিত্সালয়ৰ পৰা এক সমদল বাহিৰ কৰে৷ বিদ্যালয় প্ৰাংগণত তেওঁলোকে পতাকা উত্তোলন কৰাৰ পিছত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু বিদ্যালয়ত পঢ়ি যোৱা যি সকল ছাত্ৰ-ছাত্ৰী তথা শিক্ষক কৰ্মচাৰীৰ অকাল বিয়োগ হৈছে তেওঁলোকৰ বাবে মৌন প্ৰাৰ্থনা কৰা হয়৷ বিদ্যালয় পৰিচালন সঞ্চালক যজ্ঞেশ্বৰ বুজৰবৰুৱাই উক্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি আদৰণি ভাষণ ৰখাৰ লগতে অধ্যক্ষা বিভা বুজৰবৰুৱাইও ভাষণ দিয়ে৷