ডিজিটেল ডেস্কঃ ভাৰত মহাসাগৰত এক ভয়াবহ ভূমিকম্প হ’ব৷ ভয়ংকৰ ছুনামি আহিব৷ এই কথা কোনো বিজ্ঞানী কোনৱা নাই৷ এজন লোকে প্রধানমন্ত্রী নৰেন্দ্র মোডীক চিঠি লিখি জনাইছে এই কথা৷ চলিত বছৰৰ ৩১ ডিচেম্বৰত ভাৰত মহাসাগৰত এক ভয়াবহ ভূমিকম্প হ’ব। যাৰ ফলত ভয়ংকৰ চুনামী আহিব ইয়াৰ সংলগ্ন এলেকা সমুহত। প্ৰকৃততে এয়া ভৱিষ্যবাণী হে৷

ভাৰতে এই ভবিষ্যবাণীক বিশেষ গুৰুত্ব নিদিলেও পাকিস্তানে লৈছে গুৰুত্ব সহকাৰে৷ গুপ্তচৰ সংস্থা ISI আৰু অর্থকোয়েক ৰি-হ্যেবিলিটেশ্যন তথা ৰি-কনষ্ট্ৰাকছন অথ’ৰিটি চমুকৈ ERRA-এ। ২০ চেপ্তেম্বৰত প্ৰেৰণ কৰিছিল এই চিঠি। প্রেৰকৰ পৰিচয় জানিবলৈ পোৱা মতে তেওঁৰ নাম বাবু কালাইল। কেৰালাৰ এটা সংস্থাৰ অধিকর্তাৰ স্থানত তেওঁৰ নাম দেখা গৈছে।

চিঠিত কালাইলে কৰা ভবিষ্যবাণী মতে, ভয়ংকৰ চুনামীত সকলোতকৈ বেছি ক্ষতিগ্রস্ত হ’ব ভাৰত, পাকিস্তান আৰু চীন সহ এছিয়াৰ ১১ খন দেশ। দেশৰ প্রশাসন ব্যৱস্থাই এই চিঠিক বিশেষ গুৰুত্ব নিদিলেও চিঠি ছচিয়েল মিডিয়াত প্ৰাচাৰ হোৱাৰ পিছত প্রমাদ গনিবলৈ আৰম্ভ কৰিছে পাকিস্তানে। কালাইলৰ ভবিষ্যবাণীক সঁচা বুলি মানি ইতিমধ্যেই বিপর্যয়ৰ মোকাবিলা প্রস্তুতি কৰাৰ বাবে সাজু হৈছে পাকিস্তান৷