বোকাজানঃ অসম আৰু অসমীয়াৰ পিতৃপুৰুষ তথা বৃহত্তৰ অসমীয়া জাতিৰ জনক বৰ অসম গঢ়োতা স্বৰ্গদেউ চাওলুং চুকাফাই সৰু-বৰ প্ৰতিটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সম্প্ৰতিৰ দোলেৰে গঢ়ি তুলিছিল বৃহৎ অসমীয়া জাতি৷ এক বিচক্ষণ দুৰদৃষ্টি সম্পন্ন, সুস্থিৰ, সু-শৃংখলাবদ্ধ ৰাজনৈতিক শাসন ব্যৱস্থাৰে পৰিপূৰ্ণ এজন পৰাক্ৰমী যুদ্ধা হিচাপে তেখেতৰ আদৰ্শ সদায়েই বিশ্ব বুৰঞ্জীত জিলিকি থাকিব আৰু সেই মহান আদৰ্শক সুৱৰি বিগত বৰ্ষৰ দৰেই এইবাৰো সদৌ টাই আহোম ছাত্ৰ সন্থাৰ বোকাজান আঞ্চলিক সমিতিৰ উদ্যোগত আৰু কাৰ্বি আংলং জিলা সমিতিৰ সহযোগত ২ ডিচেম্বৰ তাৰিখে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বোকাজানৰ ব্লক বাকৰিত চাওলুং চুকাফা দিৱস পালনৰ আয়োজন কৰিছে৷
কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত আটাছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি চাও ৰণদীপ চাংবুন বৰুৱাই পতাকা উত্তোলনৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে মৈদাম তৰ্পন কৰিব আটাছুৰ বোকাজান আঞ্চলিক সমিতিৰ সভাপতি চাও ৰিতুৰাজ চাংমাই আৰু চাওলুং চুকাফাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন ও বন্তি প্ৰজ্বলন কৰিব আটাছুৰ কাৰ্বি আংলং জিলা সমিতিৰ উপদেষ্টা চাও বিদ্যুৎ বিকাশ গগৈয়ে ৷