চিলাপথাৰঃ চিলাপথাৰত অসমীয়া জাতিৰ স্বাভিমানত পদাঘাত কৰা কাণ্ডৰ মূল অভিযুক্ত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ সভাপতি সুবোধ বিশ্বাস আৰু তেঁওৰ সহযোগী সুভাষ বিশ্বাসক ধেমাজিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত আজি হাজিৰ কৰোৱা হয় । আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে আদালতৰপৰা উলিয়াই অনাৰ সময়ত ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে সুবোধ-সুভাসক ঘেৰি ধৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
সুবোধৰ বিৰুদ্ধে লগোৱা ধাৰাবোৰ জামিনযোগ্য বুলি দেওবাৰে জানিব পাই বিভিন্ন দল-সংগঠনে উত্তাল কৰি তুলিছিল ধেমাজি থানাৰ সমুখ। তাৰ পিছতে আজি তিনিটাকৈ নতুন ধাৰাত গোচৰ ৰুজু কৰা বুলি জানিবপৰা গৈছে। ভাৰতীয় দণ্ডবিধিৰ ১০৯, ১২১ আৰু ৰাজহুৱা সম্পত্তিৰ ক্ষতিসাধনৰ বাবে জামিনবিহীন পিডিপিপি ধাৰাত গোচৰ ৰুজু কৰা হৈছে সুবোধৰ বিৰুদ্ধে ।