ধেমাজিঃ সুবোধ বিশ্বাসক আটক কৰাটো কেৱল এখন ৰাজনৈতিক নাটক নেকি- এই প্ৰশ্নৰেই আজি প্ৰতিবাদমুখৰ হৈ পৰিছে ধেমাজি থানাৰ চৌহদ। চিলাপথাৰত অসমীয়া জাতিৰ স্বাভিমানত পদাঘাত কৰা কাণ্ডৰ মূল অভিযুক্ত নিখিল ভাৰত বাঙালী উদ্বাস্তু সমন্বয় সমিতিৰ সভাপতি সুবোধ বিশ্বাস আৰু সুভাষ বিশ্বাসক ধেমাজি থানালৈ কটকটীয়া নিৰাপত্তাৰ মাজেৰ অনাৰ পিছতে আজি থানাৰ সমুখ বিভিন্ন দল-সংগঠনে চৰকাৰ-সুবোধ বিৰোধী শ্লোগানেৰে কঁপাই তুলিছে।
আজি বিমানযোগে লখিমপুৰলৈ আৰু তাৰপিছত স্থলপথেৰে ধেমাজিলৈ অনা জাতিদ্ৰোহী আখ্যা পোৱা সুবোধ আৰু তেঁওৰ সহযোগী সুভাষক বিশেষ আদালতত হাজিৰ কৰাৰ সম্ভাৱনা আছে। কিন্তু সুবোধে শাস্তি পাব নে নাই তাকে লৈ সন্দিহান হৈ পৰা দেখা গৈছে বিভিন্ন দল-সংগঠনক।