কোকৰাঝাৰঃ চিলাপথাৰ কাণ্ডৰ মুল নায়ক সুবোধ বিশ্বাসক অসম অাৰক্ষীয়ে কলকাতাত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত সদৌ বিটিচি নাথ-যোগী ছাত্ৰ সন্থাই গভীৰ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে সুবোধ বিশ্বাসক দৃষ্টান্তমুলক শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে।
অাজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সদৌ বিটিচি নাথ-যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক অৰবিন্দ নাথে সুবোধ বিশ্বাসক অাটক কৰাৰ ক্ষেত্ৰত চৰকাৰ অাৰু অসম অাৰক্ষীৰ ভূমিকাক শলাগ লৈ সুবোধ বিশ্বাসৰ দৃষ্টান্তমুলক শাস্তিৰ দাবী উত্থাপন কৰে।