Home ৰাজ্যমদৰ ৰাগীত মাতাল দিগন্তৰ আত্মহত্যা

মদৰ ৰাগীত মাতাল দিগন্তৰ আত্মহত্যা

by News Desk
55 views
A+A-
Reset

গৌৰীসাগৰঃ চিপলৈ থকা অৱস্থাত অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত৷ গৌৰীসাগৰৰ দিখৌমুখ উজনী ভৰলুৱা গাঁৱৰ দিগন্ত বড়া (৩৮) নামৰ  লোকজনৰ মৃতদেহ নিজ ঘৰৰ এটি কোঠাত চিপলৈ থকা অৱস্থাত উদ্ধাৰ হয়৷ নিজ কোঠাৰ বিচনাৰ পৰা প্ৰায় ১ ফুট দুৰত্বত চিপলৈ লৈ আত্মহত্যা কৰে৷ ভৰি মেলিলেই বিচনা লগ পোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত এয়া হত্যা নে আত্মহত্যা তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷

জানিব পৰা মতে, দিগন্ত বড়াই শুকুৰবাৰে নিশা মদৰ ৰাগিত মাতাল হৈ ঘৰলৈ আহি নিজৰ কোঠাত দৰ্জা মাৰি সোমাই থাকে৷ পুৱা শুই নুঠাত পৰিয়ালৰ লোকে বাহৰ দৰ্জাৰ ফাকেৰে জুমি চাই চিপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে দিগন্তক৷ তাৰ পিছতে ঘৰ খনত হুৱা-দুৱা লাগে৷ ৰাইজে গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ দিখৌমুখ অঞ্চলৰ সকলোৰে সৈতে সু-সম্পৰ্ক বজাই ৰখা দিগন্ত বড়া নামৰ লোকজনে লোৱা চৰম সিন্ধান্তত কোনেও সহজে লব পৰা নাই৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0