গৌৰীসাগৰঃ চিপলৈ থকা অৱস্থাত অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত৷ গৌৰীসাগৰৰ দিখৌমুখ উজনী ভৰলুৱা গাঁৱৰ দিগন্ত বড়া (৩৮) নামৰ  লোকজনৰ মৃতদেহ নিজ ঘৰৰ এটি কোঠাত চিপলৈ থকা অৱস্থাত উদ্ধাৰ হয়৷ নিজ কোঠাৰ বিচনাৰ পৰা প্ৰায় ১ ফুট দুৰত্বত চিপলৈ লৈ আত্মহত্যা কৰে৷ ভৰি মেলিলেই বিচনা লগ পোৱা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাত এয়া হত্যা নে আত্মহত্যা তাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷

জানিব পৰা মতে, দিগন্ত বড়াই শুকুৰবাৰে নিশা মদৰ ৰাগিত মাতাল হৈ ঘৰলৈ আহি নিজৰ কোঠাত দৰ্জা মাৰি সোমাই থাকে৷ পুৱা শুই নুঠাত পৰিয়ালৰ লোকে বাহৰ দৰ্জাৰ ফাকেৰে জুমি চাই চিপলৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে দিগন্তক৷ তাৰ পিছতে ঘৰ খনত হুৱা-দুৱা লাগে৷ ৰাইজে গৌৰীসাগৰ আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ দিখৌমুখ অঞ্চলৰ সকলোৰে সৈতে সু-সম্পৰ্ক বজাই ৰখা দিগন্ত বড়া নামৰ লোকজনে লোৱা চৰম সিন্ধান্তত কোনেও সহজে লব পৰা নাই৷

তেওৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ ধান মিলত কাম কৰি পৰিয়াল পোহ পাল দিয়া লোকজনৰ পত্নী, পুত্র, আৰু জী সহিতে এখন পৰিয়াল আছিল৷ একাংশ লোকে অধিৰ মদ্যপান কৰি এনে কাণ্ড সংঘটিত কৰা বুলি কয়৷ তাৰ মাজতে ৰাজ্য চৰকাৰে ৰাজ্যৰ অলিয়ে-গলিয়ে এতিয়া মদৰ দোকান খুলিব অনুমতি প্ৰদান কৰা কাৰ্য কিমান যুক্তি সংগত সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে৷