ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ তুলনাত বিজেপি শাসিত ৰাজ্যত কৃষকৰ আত্মহত্যাৰ সংখ্যা কম৷ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ৰেলীত অংশ লৈ এই মন্তব্য কৰে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে৷ শ্বাহে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াক কটাক্ষ কৰি কয়, ৪০লাখ টকাৰ ঘড়ী পিন্ধা মুখ্যমন্ত্ৰীয়ে কৃষকৰ সমস্যাৰ কথা কয় কিন্তু কোনো সমস্যাই সমাধান কৰিব নোৱাৰে৷
আনহাতে শ্বাহে কৃষকৰ আত্মহত্যাৰ সন্দৰ্ভত মতপোষণ কৰে এনেদৰে, গুজৰাট, মধ্য প্ৰদেশ আৰু চট্টীশগড়ত ১৫ বছৰে বিজেপিয়ে শাসন কৰি আছে৷ এই ৰাজ্য কেইখনত কৃষকৰ আত্মহননৰ সংখ্যা তেনেই কম৷ যিসকলে অাত্মহত্যা কৰিছে, সেইসকলে অৱসাদগ্ৰস্ত নাইবা ব্যক্তিগত কাৰণতেই মৃত্যুক আকোঁৱালি লৈছে৷