গুৱাহাটীঃ যিকোনো বিনিয়মৰ ফলত ৰাজ্য চৰকাৰ-নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব৷ দেশৰ শীৰ্ষ আদালতে মঙলবাৰে নিৰ্বাচন আয়োগক এই নিৰ্দেশ দিয়ে৷ ৰাজ্য চৰকাৰে এনআৰচিৰ কামত কোনো ধৰণৰ সমস্যাত নপৰাকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে৷
মঙলবাৰে শুনানিৰ কালত এন আৰচিৰ কামত কোনোধৰণৰ বাধা আহিব নোৱালে বুলি স্পষ্ট কৰে৷ কেইবাখনো জিলাৰ উপাযুক্তই এনআৰচিৰ কামৰ মাজতেই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হলে সমস্যা হ’ব বুলি দেশৰ নিৰ্বাচন আয়োগক লিখিত ভাবে উল্লেখ কৰিছিল৷