নগাঁওঃ নগাঁও জিলাৰ জাজৰি থানাৰ অন্তৰ্গত ৰাইদঙীয়াত যোৱা ২ জুলাইত সংঘটিত হোৱা এক আত্মহত্যাৰ ঘটনাই সম্প্ৰতি গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷
আত্মহত্যা কৰা ডিম্বেশ্বৰ শইকীয়াৰ পুত্ৰই ঘটনা সন্দৰ্ভত ৰাইদঙীয়াৰে দুজন ভাতৃৰ নাম সাঙুৰি আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাত বিষয়টোৱে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷ মৃত বৃদ্ধাজনৰ পুত্ৰ ৰাজীৱ শইকীয়াই মঙলবাৰে জাজৰি থানাত দাখিল কৰা এজাহাৰ অনুসৰি বিগত প্ৰায় এবছৰ মানৰ পৰা ৰাইদঙীয়াৰ নাহৰহটীয়া নিৱাসী সুৰেণ দাসৰ পৰিয়ালৰ সৈতে বৃদ্ধজনৰ মাটিৰ সীমাক কেন্দ্ৰ কৰি কন্দল লাগি আহিছিল ৷