ওদালগুৰিঃ ওদালগুৰি জিলাৰ কলাইগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত কবিৰালিত কালি নিশা সংঘটিত হয় এক আত্মহত্যাৰ ঘটনা। নিশা শাৰীৰে চিপজৰী লৈ আত্মহত্যা কৰে মঞ্জু চৌহান নামৰ মহিলাগৰাকীয়ে।
কলাইগাওঁ আৰক্ষীৰ এক সূত্ৰই সাংবাদিকক জানিবলৈ দিয়া মতে মৃত মঞ্জু চৌহানৰ স্বামী বালকা চৌহানৰ সৈতে চলি আছিল পাৰিবাৰিক কণ্ডল। সূত্ৰটোৱে জানিবলৈ দিয়া মতে মহিলাগৰাকীয়েও প্ৰায়েই মদ্যপান কৰিছিল। ফলত এই মদ্যপানৰ ৰাগীত স্বামীৰ সৈতে কাজিয়াৰ সূত্ৰপাত হোৱাত নিশা মহিলাগৰাকীয়ে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।