Home ৰাজ্যঅসমীয়াক ঘৰে ঘৰে গৈ হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বিটিচি বেংগলী যুৱ ফেডাৰেচনৰ জিলা সভাপতি সুজিৎ সৰকাৰক গ্ৰেপ্তাৰ

অসমীয়াক ঘৰে ঘৰে গৈ হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বিটিচি বেংগলী যুৱ ফেডাৰেচনৰ জিলা সভাপতি সুজিৎ সৰকাৰক গ্ৰেপ্তাৰ

by News Desk
63 views
A+A-
Reset

কোকৰাঝাৰঃ  অসমীয়াক ঘৰে ঘৰে গৈ হত্যা কৰাৰ ভাবুকি প্ৰদান কৰা বিটিচি বেংগলী যুৱ ফেডাৰেচনৰ ওদালগুৰীৰ জিলা সভাপতি সুজিৎ সৰকাৰক অবশেষত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীৰ চাপত পৰি পশ্চিমবংগলৈকে দিহিঙে দিপাঙে পলাই ফুৰা সুজিৎ সৰকাৰে অৱশেষত বাধ্য হৈ আজি কোকৰাঝাৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰে যদিও আৰক্ষীয়ে বিতৰ্কিত মন্তব্য প্ৰদান কৰাৰ অভিযোগত সুজিত সৰকাৰক গ্ৰেপ্তাৰ কৰে ।
উল্লেখযোগ্য যে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ধলা কাণ্ডৰ পিছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যত সাম্প্ৰদায়িক আৰু উচটনিমূলক মন্তব্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হব বুলি সকিয়নি দিয়াৰ পিছতে আলফা নেতা মৃনাল হাজৰিকা আৰু জীতেন দত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই আজি বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতা সুজিৎ সৰকাৰক কোকৰাঝাৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

অসমীয়াৰ ঘৰে ঘৰে গৈ মাৰিম বুলি ভাবুকি দিয়াৰ পিছত বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ ওদালগুৰী জিলা সভাপতি সুজিৎ সৰকাৰৰ বিৰুদ্ধে আছুৰ ওদালগুৰি আঞ্চলিক সমিতিয়ে টংলা থানাত আৰু আলোচনাপন্থী আলফা নেতা প্ৰবাল নেওগে তিনিচুকীয়া সদৰ থানাত এজাহাৰ দাখিল কৰিছিল । টংলা আৰক্ষী থানাত ৰজু হোৱা গোচৰ নং ১৭৫/২০১৮ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ১২০(বি) , ১৫৩(এ) , ২৯৫(এ)ৰ অধীনত আৰক্ষীয়ে আজি সুজিতক গ্ৰেপ্তাৰ কৰা বুলি সদৰি কৰিছে বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালাই । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0