দিচাংমুখঃ স্বাধীন অসমৰ দাবীত পুনৰ অস্ত্ৰ হাতত তুলি লোৱাৰ হুংকাৰ দিছে আত্মসমৰ্পণকাৰী আলফাই ৷ আজি শিৱসাগৰত আত্মসমৰ্পণকাৰী আলফা সদস্যসকলে এক চাৰি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি এই কথা ঘোষণা কৰে ৷
যোৱা ২৫ বছৰে আত্মসমৰ্পণকাৰী আলফাসকলৰ সমস্যাক চৰকাৰে গুৰুত্ব দিয়া নাই বুলি ধৰ্মঘটকাৰীসকলে অভিযোগ উত্থাপন কৰে। লগতে তেওঁলোকৰ দাবী কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পূৰণ কৰিব পৰা নাই বুলি অভিযোগ কৰি স্বাধীন অসমৰ দাবীত পুনৰ সংগ্ৰাম কৰি যাব বুলি স্পষ্ট কৰি দিয়ে৷