15
Jun
2019

ৰাজস্থানঃ উষ্ম প্ৰবাহৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ এজন এছ এছ বি জোৱানৰ৷ মৃত্যুক আকোৱালি লোৱা অনন্ত বৰুৱা নামৰ জোৱানজনৰ ঘৰ লখিমপুৰৰ আজাদৰ ৰংপুৰীয়া গাঁৱত৷
আনহাতে ২০০২ বৰ্ষত পুৰন্দৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ অনন্ত বৰুৱাই এছ এছবিত যোগদান কৰিছিল৷ ১২ জুনত কৰ্তব্যৰত অৱস্থাত অসহ্য গৰমৰ বাবে মৃত্যুক সাবতি লয় এছ বিৰ ৩১ বেটেলিয়নৰ জোৱানজনে৷
শুকুৰবাৰে নিজ গৃহলৈ বৰুৱাৰ মৃতদেহ লৈ অনা হয়৷ লখিমপুৰ আৰক্ষী-প্ৰশাসন, চি আৰ পি এফৰ উপস্থিতিত জোৱান জনৰ শেষকৃত্য সম্পন্ন কৰা হয়। আনহাতে জোৱানজনৰ মৃত্যুত লখিমপুৰত শোকৰ ছাঁয়ে বিৰাজ কৰিছে৷