ডিব্ৰুগড়ঃ অসম গণ পৰিষদ বিজেপিৰ ‘বি’ টীম হৈ কাম কৰিছে৷ সাম্প্ৰতিক সময়ত অগপ আৰু বিজেপি এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ অসম গণ পৰিষদৰ নেতৃত্বই কঁপালত ফোট আৰু গেৰুৱা সাজহে পিন্ধিবলৈ বাকী আছে৷ আঞ্চলিকতাবাদী অগপৰ সভাপতি সুনিল ৰাজকোঁৱৰে ডিব্ৰুগড় পেঞ্চনাৰ ভৱনত এখন সংবাদমেলত অনুষ্ঠিত সকৰি শুকুৰবাৰে এই মন্তব্য আগবঢ়ায়৷
আঞ্চলিকতাবাদত বিশ্বাস আৰু শ্ৰদ্ধা কৰাৰ বাবেই অগপৰ বেয়া সময়ত অসম যুৱ পৰিষদৰ নেতৃত্ব গ্ৰহণ কৰা বুলি ৰাজকোঁৱৰে উল্লেখ কৰি কয়, বেয়া দিনত অগপ দলৰ সন্মুখত থাকি বিভিন্ন দায়িত্ব নিষ্ঠাৰে পালন কৰি ভাল দিনৰ প্ৰাক মুহুৰ্তত অগপ দলৰ নেতৃত্বৰ সুবিধাবাদী, ক্ষমতালোভি, স্বেচ্ছাচাৰি আৰু নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থত দলটোক ব্যৱহাৰ কৰাৰ প্ৰতিবাদ কৰি আমি আঞ্চলিকতাবাদ চৰিত্ৰ, নীতি, দৰ্শন অক্ষুন্ন ৰাখি নিজৰ স্থিতিতেই দৃঢ়তাৰে আজিও অটলে থকি গ’লো। যি কাৰণত বিশ্বাসভংগ কৰা, সুবিধাবাদী সেই নেতাৰ সংগ ত্যাগ কৰিবলৈ বাধ্য হ’লো।