newsnextone.com| তেজপুৰঃ শোনিতপুৰ জিলা ৰঙাপৰা সমষ্টিৰ চাৰিখন গাঁও। চাৰিখন গাঁও চাৰিসীমা দুখন নদী। নদী দুখনত থকা দুখন ভঙা দলঙ হৈছে যাতায়তৰ ব্যৱস্থা। বিগত কুৰি বছৰ ধৰি দলঙ দুখন মেৰামতি নকৰাৰ ফলত গাঁও কেইখনৰ ৰাইজে হতাশাত ভূগি আহিছে। সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী পল্লৱ লোচন দাসক ৰাইজে বহু বাৰ আবেদন জনাই আহিছে যদিও কোনো পদক্ষেপ লোৱা দেখা নগ’ল। অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনৰ সকলো কাঠৰ দলঙ পকী কৰণৰ কথা ঘোষণা কৰিছিল যদিও সেয়া কিয় কাৰ্যকৰী ব্যৱস্থা নহ’ল? সেয়া ডাঙৰ প্ৰশ্ন হয় ৰৈছে ৰাইজৰ মনত৷