তেজপুৰঃ ৰাজ্যত দৈনিক বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাট। শোনিতপুৰ জিলাৰ তেজপুৰ, ৰঙাপৰা, বালিপৰা, চাৰিদুৱাৰ অঞ্চলত কৃষকৰ বিঘাই বিঘাই খেতি পথাৰ নষ্ট কৰিছে বনৰীয়া হাতীৰ জাকে।সেয়েহে বন বিভাগে হাতী জাকটোক প্ৰতিৰোধৰ বাবে বৈদ্যুতিক বেৰ দিয়াৰ বাবে ব্যৱস্থা কৰাৰ লগতে বন বিভাগে বনৰীয়া হাতীৰ জাকটো খেতি পথাৰত প্ৰৱেশৰ পূৰ্ব ধান কাটিবলৈ অনুৰোধ জনাইছে।