ধিংঃ অৱশেষত মৃত্যুৰে যুঁজত হাৰ মানিলে ধিঙৰ বোৱাৰী চুনু কলিতাই। যোৱা বৃহস্পতিবাৰে নুমলিগড়ত সংঘটিত বাচ অাৰু ডাম্পাৰৰ মুখামুখী সংঘৰ্ষত কনমানি জীয়ৰী নিশিতাৰ সৈতে মহিলাগৰাকী গুৰুতৰভাৱে আহত হয়। লগে লগে নুমলিগড় চিকিৎসালয়ত দুয়োকে ভৰ্তি কৰা হয়।
কিন্তু মহিলাগৰাকীৰ অৱস্থা সংকটজনক হোৱাত কালি তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসকে প্ৰেৰণ কৰে। কিন্তু চিকিৎসালয়লৈ অানি থকা অৱস্থাতে তেওঁৰ মৃত্যু হয় । অাজি তেওঁৰ মৃতদেহ ধিঙৰ ঘৰ অাহি পোৱাৰ লগে লগে কান্দোনৰ ৰোল উঠে ।