ডিজিটেল ডেস্কঃ নিজ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম আৰু উদ্যমেৰে ৩০ বছৰ নোহওতেই সফলতা লাভ কৰিবলৈ সক্ষম হোৱাসকলৰ ‘৩০ আণ্ডাৰ ৩০’ শীৰ্ষক ফৰ্বছৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতক অলিম্পিকত প্ৰতিনিধিত্ব কৰা জিমনাষ্ট দীপা কৰ্মকাৰ, অলিম্পিক পদক বিজয়ী সাক্ষী মালিক আৰু বলিউডৰ নতুন প্ৰজন্মৰ অভিনেত্ৰী আলিয়া ভাট্ট।
উদ্ভাৱনাৰ নতুন সীমা অতিক্ৰমকাৰীৰ আখ্যা পোৱা এই তিনিওগৰাকীৰ সৈতে তালিকাত নাম মুঠ ৫০ জন ভাৰতীয়ৰ নাম সন্নিবিষ্ট হৈছে। অলিম্পিকত কোনো বঁটা পাবলৈ সক্ষম নহ’লেও ভাৰতক ৫২ বছৰৰ মুৰত ভাৰতৰ মহিলা জিমনাষ্টৰ প্ৰতিনিধিত্ব কৰা দীপা কৰ্মকাৰৰ বিষয়ে ফৰ্বছে লিখিছে যে অলিম্পিকত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা দীপাৰ প্ৰদৰ্শন অনন্য। উল্লেখ্য যে কেৱল ০.১৫ পইণ্টৰ বাবে ব্ৰঞ্জৰ পদক পোৱা নাছিল দীপাই।