অভয়াপুৰীঃ পানী সিঁচা হেণ্ড মেছিনেৰে ওৰে নিশা যুৱতীৰ গাত পানী ঢলাত ব্যস্ত হৈ থাকিল এসমাজ মানুহ৷ আশ্চৰ্যকৰ এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ ঘিলাগুৰি গাঁৱত৷ 

প্ৰাপ্ত বাতৰি মতে, গাঁৱখনৰ ২য় খণ্ডত যোৱা বুধবাৰে নিশা এজন যুৱকে নিজৰ লিংগটো সংকুচিত হোৱা বুলি অনুমান কৰি হুৱা-দুৱা লগায়। লগে লগে পৰিয়ালৰ আন সদস্যসকলে তেওঁক দমকলৰ পাৰত বহুৱাই লৈ বহু সময় ধৰি পানী ঢালে৷ পানী ঢলাৰ পিছত যুৱকজনে অলপ সুস্থ অনুভৱ কৰে যদিও কিছু সময় পিছত যুৱকজন পুনৰ লিংগ সংকুচিত হোৱা বুলি হাঁহাকাৰ লগায়৷

মুহূৰ্ততে এই খবৰ গাঁওখনত বনজুইৰ দৰে বিয়পি পৰে৷ খবৰ বিয়পি পৰাৰ পিছতে আন ৫জন যুৱকেও একেই অনুভৱ কৰি তাল-ফাল লগায়৷ যুৱক কেইজনে লিংগ সংকুচিত হোৱা বুলি চিঞৰ-বাখৰ অব্যাহত ৰখাৰ মাজতে এগৰাকী যুৱতীয়ে তেওঁৰ স্তনযুগল নাইকিয়া হ’বলৈ আৰম্ভ কৰিছে বুলি আতংকিত হৈ পৰে৷

৫জনকৈ যুৱকসহ এগৰাকী যুৱতীৰ এনে অসহায় অৱস্থা প্ৰত্যক্ষ কৰি গাঁওখনৰ একাংশ অন্ধবিশ্বাসী লোকে তেওঁলোকক পানী ঢলা বিধান দিয়ে৷ এই অনুযায়ী যুৱককেইজনে ওৰে নিশা সমীপৱৰ্তী পুখুৰীত নামি লিংগ সংকুচিত হোৱাৰ পৰা নিজকে ৰক্ষা কৰাৰ চেষ্টা চলায়৷ আনহাতে যুৱতীগৰাকীয়ে পুখুৰীত নামি নিশা পাৰ কৰাতো ভাল নহ’ব বুলি অনুমান কৰি বিকল্প ব্যৱস্থা কৰা হয়৷ জানিব পৰা মতে, যুৱতীগৰাকীক ওৰে নিশা হেণ্ড মেছিনেৰে পানী ঢলা হয়৷ 

ইফালে অন্ধবিশ্বাসৰ বলি হৈ সমগ্ৰ গাওঁবাসী আতংকিত হৈ থকাৰ সময়তে একাংশ সচেতন লোকে সমস্ত ঘটনাৰ বিষয়ে উত্তৰ শালমাৰা আৰক্ষী চকীক অৱগত কৰে৷ আৰক্ষীয়ে ততালিকে যুৱতীগৰাকীৰ লগতে ৬জনকৈ যুৱকক অভয়াপুৰী সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰায়।

ঘটনাটোৰ বিষয়ে উত্তৰ শালমাৰা মহকুমা প্ৰশাসনে জানিব পাৰি কাৰ্যবাহী দণ্ডাধীশ মিতালী লহকৰ আৰু পাৰ্থ প্ৰতিম নেওগ স্বাস্থ্য কেন্দ্ৰত উপস্থিত হয়৷  এই অন্ধবিশ্বাস যাতে অন্যান্য অঞ্চললৈ বিয়পি নপৰে তাৰ বাবে অতি শীঘ্ৰে গাওঁখনত জন সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে কাৰ্যবাহী দণ্ডাধীশ মিতালী লহকৰে৷