অভয়াপুৰীঃ পানী সিঁচা হেণ্ড মেছিনেৰে ওৰে নিশা যুৱতীৰ গাত পানী ঢলাত ব্যস্ত হৈ থাকিল এসমাজ মানুহ৷ আশ্চৰ্যকৰ এই ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ ঘিলাগুৰি গাঁৱত৷
প্ৰাপ্ত বাতৰি মতে, গাঁৱখনৰ ২য় খণ্ডত যোৱা বুধবাৰে নিশা এজন যুৱকে নিজৰ লিংগটো সংকুচিত হোৱা বুলি অনুমান কৰি হুৱা-দুৱা লগায়। লগে লগে পৰিয়ালৰ আন সদস্যসকলে তেওঁক দমকলৰ পাৰত বহুৱাই লৈ বহু সময় ধৰি পানী ঢালে৷ পানী ঢলাৰ পিছত যুৱকজনে অলপ সুস্থ অনুভৱ কৰে যদিও কিছু সময় পিছত যুৱকজন পুনৰ লিংগ সংকুচিত হোৱা বুলি হাঁহাকাৰ লগায়৷