নতুন দিল্লীঃ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আজি নিৰ্বাচন আয়োগলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে। যোৱা ১১ মাৰ্চত উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে বহুজন সমাজবাদী পাৰ্টিৰ নেত্ৰী মায়াবতীকে ধৰি কেইবাজনো নেতাই ইভিএম মেচিন টেম্পাৰিং হোৱা বুলি অভিযোগ উত্থাপন কৰি শাসকীয় দল বিজেপিক তীব্ৰ সমালোচনা কৰি বেলট কাকতেৰে পুনৰাই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰত্যাহ্বান জনাইছিল।

বিষয়টো মায়াবতীয়ে নিৰ্বাচন আয়োগক অৱগত কৰিছিল যদিও কোনো সঁহাৰি নোপোৱাত মায়াবতীয়ে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপে। যাৰ বাবে উচ্চতম ন্যায়লয়ে আজি নিৰ্বাচন আয়োগক বিষয়টো সঠিক নিৰীক্ষণৰ বাবে নিৰ্দশনা প্ৰেৰণ কৰে।