newsnextoneতেজপুৰ ১০ অক্টোৱৰঃ বিদেশী বহিস্কাৰৰ ভিত্তিবৰ্ষ, অবৈধ বিদেশীৰ সন্তানৰ ভাৰতীয় নাগৰিকত্ব, হিন্দু বিদেশীক নাগৰিকত্ব প্ৰদান, খিলঞ্জীয়াৰ সুৰক্ষা ইত্যাদি বিষয়ত পুণৰবাৰ সৰৱ হৈ পৰিল অসম সন্মিলিত মহাসংঘ৷ মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানৰ লগতে উচ্চতম ন্যায়ালয়ত দীৰ্ঘদিন ধৰি আইনী যুঁজ চলাই অহা গোচৰীয়া আহোম সভা, এন ডি এফ বি প্ৰগ্ৰেচিভ, ইণ্ডিজেনাচ ট্ৰাইবেল পিপুলচ ফ্ৰন্ট আৰু শ্বহীদ পৰিয়ালৰ হৈ গোবিন্দ বসুমতাৰী, প্ৰণৱ কুমাৰ মজুমদাৰ, ডাঃ বিশ্বৰঞ্জন কলিতা আৰু দীপক কুমাৰ নাথে বুধবাৰে তেজপুৰত এক সংবাদমেলৰ আয়োজন কৰি অসমৰ খিলঞ্জীয়াৰ ভাগ্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ তথা এগৰাকী অসমীয়াৰ হাততে বন্দী হৈ আছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷
