নতুন দিল্লীঃ বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষকে ধৰি নাগৰিকত্বৰ সৈতে জড়িত বিভিন্ন বিষয়সমূহৰ সন্দৰ্ভত পহিলা মে’ৰ ভিতৰত সংশ্লিষ্ট সকলো দল-সংগঠনে নিজৰ মতামত তথা যুক্তি উচ্চতম ন্যায়ালয়ৰ কাষত দাখিল কৰিব লাগিব। এই বিষয়ত বিভিন্ন দল-সংগঠনে দাখিল কৰা আৱেদনসমূহৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত কালিৰে পৰা আৰম্ভ হোৱা শুনানি প্ৰক্ৰিয়াৰ সময়ত সাংবিধানিক বিচাৰপীঠে এই কথা প্ৰকাশ কৰে।
ন্যায়াধীশ মদন বি লকুৰ, ন্যায়াধীশ আৰ কে আগৰৱালা, ন্যায়াধীশ প্ৰফুল্ল চি পন্ট, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ অশোক ভূষণেৰে গঠিত পাঁচজনীয়া এই সাংবিধানিক বিচাৰপীঠে কালি এই বিষয়ৰ সৈতে জড়িত আবেদন দাখিল কৰা বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাৰ পৰা প্ৰাৰম্ভিক মতামত গ্ৰহণ কৰাৰ পিছত অহা ৮ মে’ত পুনৰ বিষয়টোৰ সন্দৰ্ভত বিবেচনা কৰাৰ বাবে বিচাৰপীঠখন মিলিত হ’ব বুলি উল্লেখ কৰে।