newsnextone.com | ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে সোমবাৰে তাজ মহলৰ পৰিসৰৰ ভিতৰত আগ্ৰা অনিৱাসী লোকৰ বাবে নামাজ আদায়ত নিষেধাজ্ঞা জাৰি কৰিছে৷ উচ্চতম আদালতে এই নিৰ্দেশ জাৰি কৰি কয় যে, স্মাৰকৰ সংৰক্ষণ সৰ্বপ্ৰথম কৰা উচিত৷ 

উল্লেখ্য যে, ২৪ জানুৱাৰীত জিলা আদালতেও আগ্ৰাৰ বাহিৰৰ লোকে তাজ মহল চৌহদত নামাজ আদায় কৰাত নিষেধাজ্ঞা জাৰি কৰিছিল৷ ইয়াৰ পিছতে আবেদনকৰ্তাই জিলা আদালতৰ এই নিৰ্দেশৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল৷

এই আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে, তাজমহল বিশ্বৰ সপ্তম আশ্চৰ্য আৰু ইয়াৰ সংৰক্ষণ সঠিকভাৱে হোৱা উচিত৷ তাজ মহলত নামাজ আদায় কৰাৰ কোনো প্ৰয়োজন নাই৷ নামাজ আদায় কৰিবলৈ অইন বহু ঠাই আছে৷

তাজ মহলৰ সুৰক্ষাৰ স্বাৰ্থত জিলা আদালতে শুকুৰবাৰে তাজমহলৰ পৰিসৰৰ ভিতৰত নামাজ আদায় কৰিবলৈ কেৱল স্থানীয় লোককহে অনুমতি প্ৰদান কৰিছিল৷ আনহাতে, তাৰ বাবে তেওঁলোকৰ ওচৰত বৈধ প্ৰমাণ পত্ৰ থকাটোও জৰুৰী বুলি ঘোষণা কৰিছিল জিলা আদালতে৷ 

উল্লেখ্য যে, শুকুৰবাৰে বিশ্বৰ সপ্তম আশ্বৰ্য তাজ মহল পৰ্যটকৰ বাবে বন্ধ ৰখা হয়৷ জানিব পৰা মতে, শুকুৰবাৰে কিছু সংখ্যক বাংলাদেশী আৰু অভাৰতীয় বিদেশী লোকে তাজ মহলত নামাজ আদায় কৰি আহিছিল৷ এই ঘটনা প্ৰশাসনৰ দৃষ্টিগোচৰ হোৱাৰ পিছতে প্ৰশাসনে তাজ মহলত নামাজ আদায় বন্ধ ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল৷