Home দেশছুপ্ৰিম নিৰ্দেশ! মন গ’লেই বুলড’জাৰেৰে আৰক্ষীয়ে ভাঙিব নোৱাৰিব কাৰো ঘৰ

ছুপ্ৰিম নিৰ্দেশ! মন গ’লেই বুলড’জাৰেৰে আৰক্ষীয়ে ভাঙিব নোৱাৰিব কাৰো ঘৰ

by News Desk
A+A-
Reset
WhatsApp Image 2024-11-13 at 20

নতুন দিল্লী, ১৩ নৱেম্বৰঃ বুলড’জাৰ নীতিক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে উচ্চতম ন্যায়ালয়ে। শেহতীয়াকৈ কোনো অপৰাধমূলক গোচৰত নাম সাঙোৰ খাই পৰাৰ পিছতে বুলড’জাৰ চলাই অভিযুক্তৰ ঘৰ ভঙাৰ নতুন বিচাৰ নীতি প্ৰৱৰ্তন কৰিছে কেইবাখনো বিজেপিশাসিত চৰকাৰে। কিন্তু এই বুলড’জাৰ নীতিক লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰা একাধিক আবেদনৰ আজি শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। এই শুনানিকালতে বুলড’জাৰ নীতি গ্ৰহণ কৰাসকলক কঠোৰ সকিয়নী প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। 

উচ্চতম ন্যায়ালয়ে কয় যে আৰক্ষী-প্ৰশাসন ন্যায়পালিকাৰ উৰ্ধত নহয়। বিচাৰৰ পূৰ্বে অভিযুক্তক দোষী সাব্যস্ত কৰিব নোৱাৰি। কোনো প্ৰশাসন অথবা চৰকাৰে যাতে নিজৰ ইচ্ছা মতেই য’তে ত’তে বুলড’জাৰ চলাব নোৱাৰে, তাৰ বাবেও গাডলাইন জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। উল্লেখ্য যে, অপৰাধমূলক গোচৰত নাম উল্লেখ থকা অভিযুক্তৰ ঘৰত বুলড’জাৰ চলোৱাৰ বিৰুদ্ধে আদালতত দাখিল কৰা হৈছিল কেইবাখনো আবেদন। আবেদনকাৰীসকলে ন্যায় বহিৰ্ভূতভাৱে ‘বুলড’জাৰ নীতি’ জাপি দিয়া বুলি অভিযোগ কৰি আদালতত এই আবেদনসমূহ দাখিল কৰিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0