নতুন দিল্লীঃ আগতে কোৱা হৈছিল ন্যায় ব্যৱস্থা অন্ধ। আদালতত চকুত ক’লা কাপোৰ মেৰিয়াই হাতত তৰজু লৈ থিয় হৈ থকা ন্যায় দেৱীৰ মূৰ্তিটোৱে যেন মান্যতা দিছিল সেই কথাষাৰিক। ভাৰতীয় ন্যায় ব্যৱস্থাক অন্ধ আখ্যা দি নিৰ্মাণ হৈছিল বহু চিনেমা, নাটক, গীত, সাহিত্যৰ।
কিন্তু এতিয়া সময় সলনি হৈছে। বৃটিছ যুগৰ পৰা আগবাঢ়ি এক নতুন ন্যায়িক যুগত প্ৰৱেশ কৰিছে ভাৰত। শেহতীয়াকৈ সলনি কৰা হৈছে ভাৰতত স্বাধীনোত্তৰ কালৰ পৰাই প্ৰচলিত হৈ অহা বৃটিছ আইন আৰু ইয়াৰ ঠাই লৈছে ভাৰতীয় ন্যায় সংহিতাই। ন্যায়িক ব্যৱস্থা সলনি হৈছে যেতিয়া প্ৰতীক সলনি নহ’ব কিয়? এনে কাৰণতে এতিয়া সলনি কৰা হৈছে আদালতৰ সেই চিৰপৰিচিত ন্যায় দেৱীৰ প্ৰতিমূৰ্ত্তি।
নতুন ভাৰতৰ এই নতুন ন্যায় ব্যৱস্থাত এতিয়া চকুৰ ক’লা কাপোৰখন আঁতৰাই চকু মেলি থিয় দিছে ন্যায় দেৱীৰ মূৰ্তি। সমান্তৰালভাৱে আঁতৰিছে তেওঁৰ এহাতে থকা তৰোৱালখনো, তাৰ ঠাই লৈছে ভাৰতীয় সংবিধানে। উচ্চতম ন্যায়ালয়ে নিজৰ প্ৰতীকৰ লগতে ন্যায় ব্যৱস্থাৰ এই পৰিৱৰ্তন কৰি কয় যে এই পৰিৱৰ্তনে দেশৰ বাবে এক স্পষ্ট বাৰ্তা দিছে যে 'আইন অন্ধ নহয়', আইন এতিয়া সজাগ আৰু সকলোকে সমানভাৱে ন্যায়প্ৰদান কৰে।
উল্লেখ্য যে, ন্যায় ব্যৱস্থাৰ এই পৰিৱর্তনৰ মূল চালক হৈছে দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। তেওঁৰ নিৰ্দেশত ন্যায়ৰ দেৱীৰ মূৰ্তিত এই ৰূপান্তৰ সাধন হয়। এই নতুন মূৰ্তি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পুথিভঁৰালত প্ৰতিস্থাপিত কৰা হৈছে, য'ত দেৱীক চকু মেলি দেখা যায়। আগৰ মূৰ্তিত দেবীৰ চকুত ক’লা কাপোৰ বন্ধা আছিল আৰু তেওঁ এখন হাতত আছিল তৰোৱাল। এতিয়া সেই তৰোৱালৰ সলনি দেবীৰ হাতত আছে ভাৰতীয় সংবিধান।
অন্যহাতে আনখন হাতত পূৰ্বৰ দৰেই আছে তৰজুখন। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ মতে, ইংৰাজৰ পৰম্পৰা আৰু ধাৰণা পৰিত্যাগ কৰি নতুন দৃষ্টিভংগীৰে আগবঢ়াটো বৰ্তমান সময়ত একান্তই প্ৰয়োজনীয়। তেওঁ কয় যে আইন কেতিয়াও অন্ধ নহয়; সেয়া সকলোৰে ওপৰত সমানভাৱে প্ৰযোজ্য। সেয়েহে ন্যায়ৰ দেবীৰ নতুন মূৰ্তিত তেওঁৰ হাতত তৰোৱালৰ সলনি সংবিধান তুলি দিয়া হৈছে, যাৰ অৰ্থ হৈছে ন্যায়ৰ দেৱীয়ে সংবিধানৰ অধীনত ন্যায় প্ৰদান কৰে।
মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে তৰোৱাল হিংসাৰ প্রতীক, কিন্তু আদালতে কেতিয়াও হিংসাৰ পথত নাযায়। আদালতে সংবিধানৰ নিয়মৰ ভিত্তিত ন্যায় প্ৰদান কৰে। কিন্তু তৰজুখন পূৰ্বৰ দৰেই অপৰিৱৰ্তিত ৰখা হৈছে, কিয়নো কাৰণ সেয়া সমতা আৰু ন্যায়ৰ প্ৰতীক হিচাপে বিবেচিত হয়। লক্ষণীয় যে, মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ পৰামৰ্শত ন্যায়ৰ দেবীৰ মূৰ্তিক নতুন ৰূপত গঢ়ি তোলা হৈছে। এই নতুন মূৰ্তি সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ পুথিভঁৰালত প্ৰতিস্থাপিত হৈছে।
প্ৰণিধানযোগ্য যে, গ্ৰীক দেৱী জাষ্টিয়াক ন্যায়ৰ দেবী বুলি গণ্য কৰা হৈছিল। তেওঁৰ পৰাই উৎপত্তি ঘটে 'জাষ্টিছ’ শব্দৰ। ন্যায় যাতে সৰ্বদা নিৰপেক্ষভাৱে প্ৰদান কৰা হয়, তাৰ বাবেই তেওঁৰ চকুত বান্ধি থোৱা হৈছিল এখন ক’লা কাপোৰ। গ্ৰীকৰ পৰা এই মূৰ্তি বৃটিছৰ হাতলৈ আহে আৰু ১৭ শতাব্দীত এক ইংৰাজ ন্যায়িক বিষয়াই ভাৰতলৈ আনে। তেতিয়াৰ পৰাই স্বাধীনতাৰ পিছতো এই মূৰ্তি ভাৰতীয় ন্যায়ালয়ৰ এক প্ৰতীকী অংশ হিচাপে পৰিগণিত হৈ আহিছিল।