বিশ্বনাথ চাৰিআলিঃ বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তৰ বালিচাং, কয়লাজুলিত, থেৰাইবাৰীৰ ৰাইজে আত্মসমৰ্পণ কাৰী এনডিএফবি(এছ)ৰ এজন সদস্যক উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত তথ্য মতে, আত্মসমৰ্পণকাৰী এনডিএফবি(এছ)ৰ কেটলেঙৰ নেতৃত্বত এটি ছয়জনীয়া দলে দীৰ্ঘদিনৰ পৰাই সন্ত্ৰাস সৃষ্টি কৰি আহিছিল সীমান্তৱৰ্ত্তী অঞ্চলটোত৷ ঘৰে ঘৰে ধন দাবী পত্ৰ প্ৰেৰণ কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি আহিছিল৷ দাবীকৃত ধন আদায় নিদিলে প্ৰাণে মৰাৰ ভাবুকি দি আহিছিল দলটোৱে৷