27
Jun
2017

চামগুৰিঃ নগাঁও জিলাৰ উপায়ুক্ত ছমছেৰ সিঙে পৰিদৰ্শন কৰিলে গৰাখহনীয়াত ক্ষতিগ্ৰস্ত অঞ্চল৷ চামগুৰি সমষ্টিৰ লাওঁখোৱা মৌজাৰ অন্তৰ্গত এক নং ভূৰবন্ধা আৰু চাৰি নং ভূৰবন্ধাত প্ৰৱল গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আনিছে৷
আজি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত ঠাই পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয় জিলা উপায়ুক্ত ছমছেৰ সিং, আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে।
কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি পংকজ চক্ৰৱৰ্তী, বিজেপি কলিয়াবৰ জিলা সমিতিৰ সভাপতি অনিল শইকীয়া, জলসম্পদ বিভাগৰ অভিযন্তা মুকুট ডেকাসহ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে উপায়ুক্তৰ সৈতে উপস্থিত থাকে ৷
লাওঁখোৱা মৌজাৰ এক নং ভূৰবন্ধা আৰু চাৰি নং ভূৰবন্ধাৰ গৰাখহনীয়া আক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি আৰু জলসম্পদ বিভাগৰ বিষয়াই ৰাইজক প্ৰৱল গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।