অভয়াপুৰীঃ আপুনি হয়তো বিভিন্ন সময়ত সেনাৰ অভিযানত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ধৰা পৰা শুনিছে৷ সন্ত্ৰাসবাদীৰ ধৰা পৰাৰ লগতে সন্ত্ৰাসবাদীৰ সৈতে বিদেশত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱা দেখিছে৷ নিউজ চেনেল-বাতৰি কাকত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰৰ প্ৰতিচ্ছবি প্ৰত্যক্ষ কৰিছে৷
কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত ছবি দেখা গ’ল এগৰাকী সেনাৰ অভিযানত ধৰা পৰা দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ ক্ষেত্ৰত৷ সেনাই অভিযান চলাই ধৰা উগ্ৰপন্থীজনৰ পৰা বিস্কুট দুই পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ কেৱল বিস্কুটে নহয় এটি হস্ত নিৰ্মিত পিষ্টল, চাৰিজাই গুলী, টৰ্চ এটা, কপাহৰ লাডু এটা উদ্ধাৰ হয়৷