মোৰাঝাৰঃ হোজাই জিলাৰ শংকৰদেৱ নগৰস্থিত কাচাৰী ময়দানত হোজাই জিলা পানী আৰু অনাময় সমিতি জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু হোজাই জিলা প্ৰশাসনৰ উদ্যোগত দিনযোৰা কাৰ্যসুচীৰে ‘স্বচ্ছ ভাৰত মিছন’ (গ্ৰামীণ) ৰ সফল ৰূপায়ণ নিশ্চিতকৰণৰ উদ্যেশ্য আয়োজিত স্বচ্ছ মেলা সম্পন্ন হয়৷
পুৱা ন বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে আয়োজিত এই মেলাত জিলাখনৰ অহা বিভিন্ন স্বেচ্ছাসেৱী সংস্থাই কেবাটাও প্ৰদৰ্শনীত ভাগ লয়৷ জিলা উপায়ুক্ত ডা. এছ লক্ষ্মণৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা আলোচনা চক্ৰখন পৰিচালনা কৰে অনুপ বৰঠাকুৰে৷