61
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ নগৰ সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে স্বচ্ছ ভাৰত মিছন মেলা, ২০১৭ অনুষ্ঠিত হৈ যায়। দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই মেলাৰ শুভ উদ্বোধন কৰে তামুলপুৰ মহকুমাধিপতি সুজিত বাগলাৰীয়ে।
পতাকা উত্তোলন কৰে অতিৰিক্ত উপায়ুক্ত ৰাতুল পাঠকে। স্থানীয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত স্বচ্ছ ভাৰত মিছন মেলা উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁতধৰে গোৰেশ্বৰ নগৰ সমিতিৰ উপ-সভাপতি মন্টুৰাম ডেকাই।