NewsNextOne । সৰুপথাৰঃ  সমগ্ৰ ভাৰতবৰ্ষত উলহ-মালহেৰে পালন কৰা স্বাধীনতা দিৱসৰ বিপৰীতে দেখা গ'ল স্বাধীনতা সংগ্ৰামীৰ  পৰিয়ালৰ  আৰ্তনাদৰ হিয়াভগা প্ৰতিচ্ছবি । স্বাধীনতা সংগ্ৰামীসকলৰ  অশেষ কষ্ট,ত্যাগ আৰু আত্মবলিদানৰ অন্তত  ভাৰতবৰ্ষই বহু আকাঙ্খিত স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল । 

দেশ মাতৃৰ বাবে পৰিয়াল আত্মীয় স্বজন নিজৰ সুখ , সকলো ত্যাগ কৰি দেশৰ সেৱাত ব্ৰতি হোৱা স্বাধীনতা সেনানিসকলৰ মনৰ খবৰ লবলৈ বুলি আমি  হৈছিলো ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত অৱস্হিত মুক্তিযোদ্ধা কনেকেশ্বৰ কোৱঁৰৰ পৰিয়ালত ।

সৰুপথাৰত ৰে'ল বগৰুৱাৰ অপৰাধত কুশল কোঁৱৰক আদালতে বিচাৰ কৰি ফাঁচী আৰু তেওঁৰ ভাতৃ স্বৰ্গীয় কনেকেশ্বৰ কোঁৱৰ অবিবাহিত আছিল বাবে ফাঁচীৰ সলনি ১০ বছৰ কাৰাদণ্ড বিহে। কিন্তু উপস্হিত হৈয়ে পৰিয়ালটিকেইটিৰ  বিধস্ত আৰ্থিক দুৰাৱস্থাৰ  দুখ লগা ছবিখনে চৰকাৰে এই পৰিয়ালসমুহক কৰা উপেক্ষাৰ ছবি এখনহে দেখা পোৱা গ'ল ।

পৰিয়ালৰ সুত্ৰে জানিব দিয়া মতে, এসাজ ভাতৰ বাবে তেওঁলোকে হাজিৰা কৰি পেট প্ৰৱৰ্তাব লগা হৈছে । আনকি এটি চৰকাৰী আৱাস গৃহৰো তেওঁলোক যোগ্য নহয়, কেৱল গণতন্ত্র বা স্বাধীনতা দিৱসতে এখন গামোচা পিন্ধায় চৰকাৰে দায়িত্ব সামৰে বুলি ক্ষোভ উজাৰে ।

এইটো এটা মাত্ৰ উদাহৰণহে। অসমত বহু এনে মু্ক্তিযোদ্ধা পৰিয়ালে বৰ্তমান এমুঠি ভাতৰ বাবেও হাহাকাৰ কৰিব লগা হৈছে । এইক্ষেত্ৰত চৰকাৰে পৰিয়ালসমুক যথোচিত গুৰুত্ব দি উপযুক্ত শিক্ষিত নিবনুৱা যুবকক কৰ্মসংস্হাপন দিয়াৰ লগতে মুক্তিযোদ্ধাৰ পেঞ্চন নিবনুৱা পুত্ৰ সন্তানক দিয়াৰ ব্যৱস্হা কৰাৰ বাবে চৰকাৰৰ ওচৰত পৰিয়ালসমুহে দাবী জনাইছে ।