NewsNextOne । সৰুপথাৰঃ সমগ্ৰ ভাৰতবৰ্ষত উলহ-মালহেৰে পালন কৰা স্বাধীনতা দিৱসৰ বিপৰীতে দেখা গ’ল স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালৰ আৰ্তনাদৰ হিয়াভগা প্ৰতিচ্ছবি । স্বাধীনতা সংগ্ৰামীসকলৰ অশেষ কষ্ট,ত্যাগ আৰু আত্মবলিদানৰ অন্তত ভাৰতবৰ্ষই বহু আকাঙ্খিত স্বাধীনতা লাভ কৰিবলৈ সক্ষম হৈছিল ।
দেশ মাতৃৰ বাবে পৰিয়াল আত্মীয় স্বজন নিজৰ সুখ , সকলো ত্যাগ কৰি দেশৰ সেৱাত ব্ৰতি হোৱা স্বাধীনতা সেনানিসকলৰ মনৰ খবৰ লবলৈ বুলি আমি হৈছিলো ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত অৱস্হিত মুক্তিযোদ্ধা কনেকেশ্বৰ কোৱঁৰৰ পৰিয়ালত ।