খাৰুপেটীয়াঃ নিজকে মুখ্যমন্ত্রী বুলি ভবা দুমখীয়া চৰিত্ৰৰ ক্ষমতাৰ বলিয়া হৈ আবোল তাবোল বকি থকা প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পাগল কুকুৰে কামুৰিছে বুলি কটাক্ষ কৰিলে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা ভৱেশ কাকতিয়ে । আজি দৰং জিলা কৃষক সংঘৰ উদ্যোগত আৰু বাহাবাৰী আঞ্চলিকৰ সহযোগত ঐতিহাসিক পথৰুঘাটৰ কৃষক শ্বহীদৰ সোৱৰণত খাৰুপেটীয়াৰ পশ্চিম বাঁহাবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত শ্বহীদ দিৱস উদযাপনৰ মুকলি সভাত সংগঠনটোৰ উপদেষ্টাজনে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে কটাক্ষ কৰি ভাষণ ৰাখে।
দৰং কৃষক সংঘৰ সভাপতি মোজাফৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাখনত ভৱেশ কাকতিয়ে শোষিত নিষ্পেষিত বঞ্চিত দুখীয়া কৃষক ৰাইজৰ সুবিধাৰ্থে দৰং জিলাত কমেও পাঁচটা শীতলীকৰণ ঘৰ স্থাপন হোৱা বুলি দাবী তুলিলে। লগতে কৃষি বিশ্ববিদ্যালয়, আৰু কৃষকৰ কষ্টকৰ উপাৰ্জন কৰা কৃষিজাত সামগ্ৰীৰ উচিত মূল্য নিৰ্ধাৰণ কৰি দিয়াৰ দাবী তুলি বক্তব্য দাঙি ধৰে ।