ৰঙিয়াঃ ৬ বছৰীয়া অসম আন্দোলনত জপিয়াই পৰি প্ৰাণ আহুতি দিয়া ৰঙিয়া অঞ্চলৰ বীৰ শ্বহীদসকলক শুকুৰবাৰে ৰঙিয়াৰ ৰাইজে স্মৰণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়া তিনিআলিৰ শ্বহীদ বেদী প্ৰাংগণত ৰঙিয়া তথা সমগ্ৰ অসমৰ ৮৫৫গৰাকী শ্বহীদক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি যাচে৷
উত্তৰ ৰঙিয়া ছাত্ৰ সন্থা আৰু পশ্চিম ৰঙিয়া ছাত্ৰ সন্থাৰ উদ্যোগত ৰঙিয়া তিনিআলি শ্বহীদ বেদী প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি আয়তীৰ দিহা নাম প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়৷ সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী অনুষ্ঠিত হয়।