anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ অন্তত বিজেপি শাসিত ঝাৰখাণ্ড চৰকাৰে অৱশেষত স্বামী অগ্নিবেশক নিৰাপত্তাৰক্ষী প্ৰদান কৰে৷ ঝৰখাণ্ডত চিকিসা গ্ৰহণ কৰি বুধবাৰে ৰাচিলৈ লৈ অহাৰ সময়ত ঝাৰখাণ্ড আৰক্ষীৰ প্ৰয়া ২০গৰাকী আৰক্ষী জোৱানে নিৰাপত্তা দিয়ে৷

১৭ জুলাইত অৰ্থাৎ মঙলবাৰে দেশৰ বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশক ঝৰখাণ্ডত আক্ৰমণ কৰিছিল বিজেপি আৰু বিজেপিৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ একাংশ নেতা-কৰ্মীয়ে৷ বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশক বিজেপিৰ ভাতৃ সংগঠনে আক্ৰমণ কৰাত গুৰুতৰ ভাৱে আহত হয়৷

জানিব পৰা মতে, ঝাৰখাণ্ডৰ পাকুৰ জিলাত বিজেপিৰ ভাতৃ সংগঠন বিজেপি-যুৱ মৰ্চাৰ কৰ্মীয়ে হঠাৎ আক্ৰমণ কৰে অগ্নিবেশক৷ সেই সময়ত একাংশ লোকে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে অগ্নিবেশক৷ এখন সভাত অংশ লবলৈ গৈছিল অগ্নিবেশে৷ এই ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে৷ তাৰ লগে লগে বুধবাৰে পুৱাৰে পৰা নিৰাপত্তাৰক্ষী প্ৰদান কৰে স্বামীক৷

স্বামীয়ে কয় যে মই এঠাইৰ পৰা ওলাই অহাৰ পিছতে হঠাৎ আক্ৰমণ কৰা হৈছে৷ চিচিটিভি ফুটেজ প্ৰত্যক্ষ কৰি চিনাকী কৰিব পাৰিম আক্ৰমণকাৰীক৷ মিডিয়াৰ হাতত সেই ভিডিঅ’ আছে৷ যদি ব্যৱস্থা গ্ৰহণ কৰিব খোজে৷