newsnextone.com | ডিজিটেল ডেস্কঃ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ অন্তত বিজেপি শাসিত ঝাৰখাণ্ড চৰকাৰে অৱশেষত স্বামী অগ্নিবেশক নিৰাপত্তাৰক্ষী প্ৰদান কৰে৷ ঝৰখাণ্ডত চিকিসা গ্ৰহণ কৰি বুধবাৰে ৰাচিলৈ লৈ অহাৰ সময়ত ঝাৰখাণ্ড আৰক্ষীৰ প্ৰয়া ২০গৰাকী আৰক্ষী জোৱানে নিৰাপত্তা দিয়ে৷
১৭ জুলাইত অৰ্থাৎ মঙলবাৰে দেশৰ বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশক ঝৰখাণ্ডত আক্ৰমণ কৰিছিল বিজেপি আৰু বিজেপিৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ একাংশ নেতা-কৰ্মীয়ে৷ বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশক বিজেপিৰ ভাতৃ সংগঠনে আক্ৰমণ কৰাত গুৰুতৰ ভাৱে আহত হয়৷