আমগুৰিঃ গৌৰীসাগৰত স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী উদ্ধোধন কৃষিমন্ত্ৰীৰ৷ থিতাতে থকা নিজ বিভাগৰে পৰিত্যক্ত কাৰ্য্যালয়লৈ চাবলৈ যাবলৈ সময় নহ’ল মন্ত্ৰীজনাৰ৷ মন্ত্ৰীৰ সৈতে ফটো উঠাৰ বাবেহে ব্যস্ত হোৱা দেখা গ’ল দলীয় কৰ্মীক৷ আমগুৰিৰ গৌৰীসাগৰত স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী উদ্ধোধনৰ বাবে উপস্থিত হ’ল কৃষিমন্ত্ৰী অতুল বৰা৷
ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰী পাৰ স্থিত গৌৰীসাগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰীগৰাকীয়ে৷ মন্ত্ৰীগৰাকীৰ আগমণৰ বিষয়ে জ্ঞাত হোৱাৰ পাছত সাধাৰণতে ৰোগীয়ে চিকিৎসক বিচাৰি হাহাকাৰ কৰিবলগা হোৱা চিকিৎসালয়খনত শিৱসাগৰ জিলা প্ৰশাসনৰ বিষয়াসকলক ভিৰ কৰা দেখা গ’ল৷ স্বচ্ছ ভাৰত অভিযান কাৰ্য্যসূচী শুভাৰম্ভ কৰিলেও চিকিৎসালয়খনৰ পৰা নতিদূৰত অৱস্থিত নিজ বিভাগৰে পৰিত্যক্ত কাৰ্য্যালয়টো পৰিদৰ্শন কৰিবলৈ সময় নহ’ল মন্ত্ৰীগৰাকীৰ৷