46
দলংঘাটঃ আজি গান্ধী জয়ন্তী। সমগ্ৰ দেশতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনটো পালন কৰাৰ সময়তে দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে দেওমৰনৈ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠান আৰু শিক্ষানুষ্ঠানত মহামানৱ গৰাকীৰ জন্ম জয়ন্তী পালন কৰা হয়৷
বালিপোতা উচ্চ মাধ্যমিক বিদ্যালয়, বৃহত্তৰ বালিপোতা দুৰ্গাপূজা উদযাপন সমিতিৰ লগতে দুনী, দলংঘাটৰ বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে স্বচ্ছ ভাৰত অভিযানেৰে গান্ধী জয়ন্তী পালন কৰি মহত্মা গান্ধীক স্মৰণ কৰে।